Monday, October 14, 2013

তিনিজন বন্ধুৱে কথা পাতি আছে।
১ম বন্ধু:আগতে আমাৰ ঘৰত ককাৰ দিনত বি-ৰা-ট ডাঙৰ কঁঠাল গছ এজোপা আছিল,যিডাল গছ এশজন মানুহে সাৱটিও নাপাইছিল।
২য় বন্ধু:আমাৰ ককাৰ এজনী গাই আছিল,যিজনীৰ এটা শিঙৰ পৰা আন এটা শিঙলৈ চৰাই উৰি গ'লে মাটিত পৰি জিৰাই লৈছিল।
৩য় বন্ধু:আমাৰ ককাৰ আকৌ এটা ডাঙৰ ঢোল আছিল,যিটোৰ এফালে বজাই আনফালে বজাবলৈ গ'লে এজন মানুহে বাটত এসাঁজ ভাত খাই ল'ব লাগে।
১ম বন্ধু:থ থ হেৰৌ,ইমান ডাঙৰ ঢোল বনাবলৈ কাঠ ক'ত পাব ?
৩য় বন্ধু:কিয় তহঁতৰ ককাৰ কঁঠালজোপাৰ পৰা আকৌ।
২য় বন্ধু:সেইবুলি ইমান ডাঙৰ ঢোল চোৱাবলে গৰুৰ ছাল ক'ত পাব অ' ?
৩য় বন্ধু:তহঁতৰ ককাৰ গাইজনীৰ পৰা আকৌ।

No comments:

Post a Comment