Monday, October 14, 2013

পূজা বুলি…, অলপ বেছিকৈয়ে 'মাল' খাই দিলো। 

বাৰান্দাত, ঠেলি-ঠেলি কোনোমতে 'বাইক'খন উঠালো। তাৰপাছত দৰ্জা বন্ধ কৰিয়েই, চিধা বিচনাত বাগৰি দিলো। বেহুচ…! মাজনিশা হঠাৎ দেখিলো, দূৰ্গাদেৱী মোৰ সন্মুখতে ৰৈ আছে। জীৱ বাহিৰ হৈ গ'ল বাপ্পেকে…! কি জগৰ লগালো মই…? মইতো গা-ধুই সেৱা জনাইছিলো, ৫টকাও দিছিলো, "জয় দূৰ্গা মাইকী" (?) বুলি চিঞৰিও দিছিলো…, তেন্তে…?? 

"…হে আই, নাজানিহি অপৰাধ' হৈল' মোৰ'…", - বুলি, কিবা ব্ৰজাৱলী জাতীয়, ভাষা এটাই মুখৰ পৰা ওলাই গ'ল, ভয়ৰ চুটত। তাৰপাছত ডাইৰেক্ট পজিচন লৈ ল'লো, …'দূৰ্গা মা' -ৰ চৰণত। 

: উঠ বৎস…! 'তেল মাৰি' লাভ নাই। সৌ দাপোণ (আইনা) খনৰ ওচৰলৈ যা। তাত তোৰ চেহেৰাটো এবাৰ চাগৈ।

(সাউতকৈ উঠি আইনা খনৰ ওচৰ পালোগৈ।)

"ঔ, মা…!"
জীভা ওলাই গ'ল বাপ্পেকে…!

ই কি কথা…!! মোৰ চেহেৰাটো পূজাৰ অসুৰটোৰ দৰে হৈ পৰিল। জপৰা চুলি, দীঘল দাঁত, টেলেকা চকু…! দূৰ্গাদেৱীয়ে মোলৈ চাই অট্টহাস্য মাৰি ক'লে,

: …তোৰ মূৰত 'অসুৰে' বাহ লৈছে। ভালে-ভালে মূৰটো ছিঙি মোক দে, নহলে তোক মাৰিয়েই পেলাম।
: কিন্তু আই, মূৰটো নহলে মই কেনেকৈ জীয়াই থাকিম।
: পাৰিবি…। কিয় নোৱাৰিবি। 'মূৰ' নোহোৱাকৈয়ে কিমানে এতিয়া মন্ত্ৰী-বিধায়ক, আমোলা, ছাত্ৰনেতা, দেশপ্ৰেমিক হৈ গপগপাই ফুৰিছে, …তই কোন কূটা বে? জল্দি মূৰটো ছিঙি দে, জল্দি…!
: মই নোৱাৰো আই, ভয় লাগে।

…কথাষাৰ ক'বলৈহে পালো। চিধা আহি মোৰ মূৰটো খামোচি ধৰি, দূৰ্গামাই টানিবলৈ ধৰিলে। বিষত থাকিব পৰা নাই। এবাৰ দেৱীয়ে এফালে টানে, আনবাৰ মই আনফালে টানো।

…এইদৰে টনা-আজোৰা কৰি থাকোঁতেই, খপ্কৰে সাৰ পাই গলো। আৰু দেখিলো…

.

.

.

.

.

.

শ্ৰী মতীয়ে মোৰ মূৰৰ
'হেলমেট'-টো
খুলিবলৈ চেষ্টা কৰি আছে।

No comments:

Post a Comment