Monday, October 14, 2013

আজি পুৱাতে পোৱালী এটাই বিছনাতে টুপী পিন্ধাই থৈ গ’ল|

পোৱালী: দা দা কোৱাচোন ৰাবণে ৰামৰ লগত যুদ্ধ কৰোতে কিহত উঠি কৰিছিল?
মই: পুস্পক ৰথ| ব’ৰ নকৰিবি, শুবলৈ দে|
পোৱালী: আৰু ৰামে?
মই: নেজানো, গৰুগাডী চৰুগাডী হ’ব চাগে| বনবাসত আছিল নহয় তেতিয়া|
পোৱালী: নহয়, ৰামে নেন’ত উঠি আক্ৰমণ কৰিছিল| টাটা নেন’ত| হি হি হি|
মই: কেনেকৈ??
পোৱালী: চলাও না নেন’ চে বাণ ৰে, জান লেল’ না ৰাম (জান) ৰে!!!!!
এই গানটো ৰাবণে ভয়তে গাইছিল।।

পোৱালী: কোৱাচোন, দুডাল কাৰেন্টৰ তাঁৰৰ মাজত যদি Love হৈ যায় তেন্তে তাক কি বুলি কয়?
মই: নেজানো, মই এইবোৰ কথা শুণাও নাই|
পোৱালী: Current Affair.!! হাৰিলা, একো নেজানে, ইয়া হু|
পোৱালী: আৰু এটা লাষ্ট|
মই: ক ক|

পোৱালী: বীৰেণ আংকলৰ তপা মূৰত এসময়ত দুডাল চুলি আছিল, এডালে সিডালক খুব ভাল পাই, কিন্তু সিহঁতে বিয়া পাতিব নোৱাৰে| কিয়?
মই: চুলিয়ে বিয়া পতাৰ কথা তই ক’ত শুণিলি? (আচলতে হায়ৰাণ একো উত্তৰ দিব পৰা নাই)
পোৱালী: কিয় নেজানা নেকি- ভাৰতত “বাল বিবাহ” নিষিদ্ধ| হি হি হি

No comments:

Post a Comment